Show/Hide Keyboard Layout

জানিলোঁ জানিলোঁ

- জুবিন গাৰ্গ

জানিলোঁ জানিলোঁ যে মই, তুমি একো নোকোৱাকে,

জানিলোঁ জানিলোঁ যে মই, তুমি একো নোকোৱাকে ।

কি আছিলে লুকাই তোমাৰ হিয়াৰ মাজত,

অ’ কি আছিলে লুকাই তোমাৰ হিয়াৰ মাজত ?

গোপনে গোপনে তুমিওঁ যে বিচাৰা মোক,

নকলেওঁ বুজি পাওঁ কি বুজাব খুজিছা মোক,

পালো বিচাৰি মই তোমাক থলো সাৱতি মোৰ হিয়াত ।

কিমান আৰু মনৰ কথা ৰাখিম ওঁঠত সামৰি,

ময়ে তোমাৰ হিয়াৰ লগৰী পোৱা নাই জানো চিনি ।

কিমান আৰু মনৰ কথা ৰাখিম ওঁঠত সামৰি,

ময়ে তোমাৰ হিয়াৰ লগৰী পোৱা নাই জানো চিনি ।

কি ভাবনা কিনো সপোন দিলা জগাই আহি তুমি,

কতো নাপাওঁ বিচাৰি সুখ উৰণীয়া মোৰ মন আজি,

পালো বিচাৰি মই তোমাক থলো সাৱতি মোৰ হিয়াত ।

নাযায় নাযায় লাগে সময় তুমি কাষত নহ’লে,

খোজে খোজে এতিয়া মই বিচাৰো তোমাক কাষতে ।

নাযায় নাযায় লাগে সময় তুমি কাষত নহ’লে,

খোজে খোজে এতিয়া মই বিচাৰো তোমাক কাষতে ।

এই সময় থমকি ৰওঁক ইয়াতেই যেন সদায়,

থাকা ৰৈ কাষতে মোৰ মৰমৰ সুৱাস বিলায় ।

Hits: 2453